Wednesday, May 5, 2010

ৰংপুৰৰ ৰঙালী ডেকা

কোনো কামত এঠাইলৈ যাব লগা হোৱাত, আবুধাবী চহৰৰ ৰাষ্টাৰ ভিৰৰ ভয়ত নিজৰ গাড়ীখন উলিওৱাৰ সলনি টেক্সীতে যাওঁ বুলি সিদ্ধান্ত ল’লো৷ ঘাইপথৰ দাঁতিত হাত বাউলি দি টেক্সী এখন ৰখালো৷ আগ চিটতে বহি লৈ চিটবেল্ট্ লগাই ড্ৰাইভাৰজনক গন্তব্যস্থান ক’ত ক’লো৷ এজন ৰঙীয়াল ডেকা, গাড়ীৰ ৰেডিঅ’টোত বাজি থকা বলিওডৰ সংগীৰৰ তালে তালে মূৰ জোকাৰি জোকাৰি তেওঁ ভিৰ নেওঁচি, যান-জঁট ভাঙি গন্তব্যস্থানলৈ গৈ থাকিল৷



মাজে মাজে তেওঁ মোৰ লগত হিন্দী-ইংৰাজীৰ মিশ্ৰণ ভাষাত কিবা কিবি কথা পাতিও গ’ল৷ চহৰখনত বাঢ়ি অহা গাড়ীৰ সংখ্যা, দাম বৃদ্ধিৰ কথা ইত্যাদি৷ এবাৰ তেওঁ মোক হঠাতে সুধিলে - "আপুনি ক’ৰ?"
মই কলো - "ইন্দিয়া-ৰ"
মোৰ উত্তৰত সন্দোষ্ট নহৈ তেওঁ মোক আকৌ সুধিলে - "ইন্দিয়াৰ ক’ৰ?"
মই ক’লো- "অসমৰ৷ 'অসম' ক’ত জানেনে?"
সাধাৰণতে পাকিস্থান আৰু দক্ষিণ ভাৰতীয় লোকসকলৰ 'অসম'-ৰ অৱস্থান লৈ খুকুজা লাগে, সেয়ে মই তেওঁলোকক অলপ বিতং বিৱৰণ দিবলৈ বিচাৰো৷
কিন্তু তেওঁ উত্তৰ দিলে - "অ’ জানো, ধৰক বাংলাদেশতে! আপোনাৰ উচ্চাৰণতে মই সন্দেহ কৰিছিলো আপুনি আমাৰ সেই ফালৰে হ’ব বুলি৷"
মই তেওঁৰ কথাত আচৰিত হ’লো৷ তেওঁ ভুল কৰিছে বুলি মই শুধৰাই দিলো - "অসম ভাৰতবৰ্ষত, বাংলাদেশত নহয়"৷
তেওঁ তপৰাই উত্তৰ দিলে - "হয় জানো ভাৰতত? হা হা হা মই আকৌ বাংলাদেশত বুলিহে ভাবিছিলো৷" মোৰ ফালে চকু টিম মাৰি সি ক’লে৷ মই নাজানো সি অজানিতে ক’লে নে জানি-শুনি মোক জ্বলাবলৈ ক’লে নে আন কিবা উদেশ্য আছিল৷ মোৰ কিন্তু তাঁৰ চিঙি গ’ল, এনে লাগিল যেন গ্ৰেনেট এটা তাৰ মূখত এতিয়াই গুজি দিম!!! কোনোমতে মনে মনে বহি থাকিলো৷
তেওঁ কৈ গ’ল - "মই (বাংলাদেশৰ) ৰংপুৰ জিলাৰ৷ এবাৰ অসমৰ গাভৰু এজনীৰ প্ৰেমত পৰিছিলো, তাইৰ ঘৰলৈও গৈছিলো৷ কিন্তু পৰিস্থিতিয়ে আমাক আগবাঢ়িব নিদিলে৷ এতিয়া তাই বা ক’ত আছে!" ৰঙীয়াল ডেকাজন অলপ গহীন হৈ গ’ল৷ চকুহাল যেন অলপ চলচলিয়া হৈ উঠিছে৷

এনেতে আমি গন্তব্যস্থান পালোহি৷ ভাড়াটো দি নিঃশব্দে মই টেক্সিখনৰ পৰা নামি গুছি আহিলো৷

No comments:

Post a Comment