Monday, February 21, 2011

মোৰ লেংগুৱেজ পাজল ...

(আজি ২১-ফেব্ৰুৱাৰী-২০১১ তাৰিখে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনা এই জালপঞ্জী লিখিলো মোৰ কণ কণ কেইটাৰ লগতে বহুভাষীক পৰিবেশৰ খেলিমেলিত ডাঙৰ হোৱা বিশ্বৰ বহু এনে কণমণি শিশুবোৰৰ হৈ ... )

মই এটা অকণমানি বেইবি - কলকলাই ঘুৰি ফুৰো ইফালে সিফালে৷ মই ভাল পাওঁ মোৰ মৰমৰ 'মামা'ক --- 'মামা'ৰ ভায়েকৰো নাম 'মামা' !! অলপ খেলিমেলি হয়, কিন্তু নৌ প্ৰবলেম৷ আমাৰ ঘৰত এটা মোছ থকা মানুহ থাকে৷ তাৰ নাম ধেৰ - দেতা, দেদি, পাপা, হেৰি, চাৰ আৰু বহুতো কিবা কিবি৷ আমাৰ ঘৰত 'আনটি' বুলি মানুহ এজনীও থাকে৷ তাইক মামা-দেতাই 'সতবত' (সত্যৱতী) বুলি মাতে৷ তাই মামাক হেল্প কৰি দিয়ে - মাম মাম বনাবলৈ, মোক গা-গা কৰাবলৈ, গেলা নেপি সলাবলৈ৷  ৰাতি তাই মোক গান গাই গাই শুৱাই৷ তাই গোৱা 'অক্কলম পত্তলম' (তেলেগু গান) গানটো মোৰ বৰ ভাল লাগে - শুনি শুনি মই শুই যাওঁ৷

মই এদিন খোজ কাঢ়িব পাৰিলো - মোৰ মামা আৰু দেতাৰ বৰ ফৰ্তি৷ মোক দেতাই 'এইফালে আহা আহা' বুলি কয়, মই দৌৰ মাৰি দেতাৰ ওচৰ পাওগৈ৷ মামাই 'কাম কাম' বুলি কয়, মই আকৌ মামাৰ ওচৰ পাওগৈ৷ তাকে দেখি দুয়োৰ বৰ ফুৰ্তি৷ এনেকৈ খেলি খেলি মোৰ পিয়াহ লাগিল৷ মামাই মোক শুধিলে 'ৱাটাৰ খাবা'? দেতাই ক’লে - 'পানী খাবা?'৷ মই মোৰ জুকাৰি খাম বুলি ক’লো৷ মামাই 'সতবত'ক ক’লে - 'থৌৰা পানী লাও' !!


এদিন দেতাৰ ফ্ৰেণ্ড এটা আমাৰ ঘৰলৈ ফু ফু কৰিবলৈ আহিলে৷ নামটো অজয় আংকল৷ লগত ৰুপা আনটি আৰু তাহাতৰ ল’ৰা - 'আৰি'৷ সিও মোৰ সমানেই ডাঙৰ৷ তাৰ লগত খুব খেলিলো৷ আংকুল-আনটিয়ে মামা-দেতাৰ লগত বহুত কথা পাতিলে৷ এবাৰ 'আৰি'ক আনটিয়ে ক’লে - "আৰি, এইখানে আওঁ, জল খাবেন?", অজয় আংকুলেও শুধিলে - " পানী পিয়েগা?", কিন্তু দেতাই তাক শুধিলে - "ৱাণ্ট ৱাটাৰ?" আৰু মামাই 'সতবত'ক চিঞৰি ক’লে - 'থৌৰা পানী লাও' !!

অ’ এতিয়া বুজি পালো পানী, জল, ৱাটাৰ চব একেই !!

আমি আৰু ডাঙৰ হ’লো - এদিন মই আৰু আৰি নাৰ্চৰি স্কুললৈ গ’লো৷ স্কুলত থকা 'মামা'বোৰক 'মিছ' বুলি কয়৷ আমাৰ মিছজনীৰ নাম মিছ হেলেন৷ মিছ হেলেনে আমাক খুব মৰম কৰে৷ কিন্তু মিছে কোৱা কথা মই একেবাৰে বুজি নাপাওঁ৷ মামা-দেতাই কোৱা কথা মিছে নকয়৷ এবাৰ মোৰ খুব জোৰে হাগু লাগিল, মিছক ইমান ক'লো "হাগু, হাগু" বুলি --- আকৰী মিছ জনীয়ে একো বুজি নাপালে৷ মিছে চকু পকাই - "কিপ কুৱাইট, চিট ডাউন" বুলিহে ক’লে৷ লাষ্টত পেণ্টতে দি দিলো, কি কৰিম?

মিছে মামা-দেতাক মাতি পঠিয়ালে৷ কিবা কিবি ক’লে৷ পিছত মামাই মোক বুজাই দিলে হাগু লাগিলে 'পুপু' আৰু চিচি লাগিলে 'পিপি' বুলি ক’ব লাগে৷ লাহে লাহে মিছৰ কথাবোৰ বুজি পাবলৈ ধৰিলো - 'চিট', 'কাম', 'ষ্টেণ্ড আপ', 'শ্লিপ' আদি৷
মামা-দেতাও আজি-কালি মোৰ লগত সেইবোৰ শব্দই কয়৷ মোৰ প্ৰবলেম নাই৷ চবৰে কথা মই এতিয়া বুজি পাওঁ আৰু ময়ো এটা-দুটা কওঁ৷

মই আৰু ডাঙৰ হ’লো৷ আমাৰ ঘৰলৈ ককা-আইতা আহিলে৷ একেবাৰে বুঢ়া, চুলিবোৰ বগা আৰু চচমা পিন্ধে৷ আমাৰ ঘৰত কেইদিনমান থাকিলে৷ ককা-আইতাই আকৌ 'চিট'ৰ সলনি 'বহ' বুলি কয়, 'কাম'ৰ সলনি 'আহ' বুলি কয়৷ আগতে মামা-দেতাই মোক কোৱা শব্দবোৰ মোৰ আকৌ মনত পৰিলে৷  'সতবত'ই আৰু অজয় আংকলে আকৌ 'বেথৌ', 'আও' এইবিলাক কয়৷ ওচৰৰ দোকানৰ দোকানী আংকলকেইটাও  'বেথৌ', 'আও' এইবিলাক কয়৷ বৰ পাজল লাগিল৷




5 comments:

  1. একেবাৰে সঁচা কথা৷ আমি বাৰু এই পাজলবোৰৰ পৰা আঁতৰি আছিলোঁ.. কিন্তি ইহঁতৰ কি হ'ব... !! অসমীয়া, হিন্দী, ইংৰাজী, বাংলা সকলো শিকক, কিন্তু ভালকৈ৷ প্ৰয়োজন সাপেক্ষে সকলো ব্যৱহাৰ কৰিব পৰাকৈ৷

    ReplyDelete
  2. হাঃ হাঃ হাঃ, কিছু জমনি লিখিছে দেই । সচাকৈয়ে সৰু সৰু পোণাকনহঁতৰ যে কেনেকুৱা নাকনি কাণনি হয়, ভাৱিলে অলপ বেয়াও লাগে । পিচে সেই বয়সত সিহঁতৰ "ৰেম", "হাৰ্ডডিক্স", "প্ৰচেচৰ" "ফ্ৰেছ" থাকে কাৰণেহে । নহ'লে সব "হেং" মাৰি মাৰি চলিলে হয় ।

    ReplyDelete
  3. :) :) ʻচেইম কেছʼ চলি আছে, এইফালেও। কালি আমাৰ পোনাকণটোৱে ʻএনিমেল প্লেনেটʼ চাই উঠি মোক কৈছে .. ʻʻদেʼতা দেʼতা, মাদা ভালু কো ফল বহুত পছন্দ হ্যেঁ । তুমি জানা !! ʼʼ

    ReplyDelete
  4. Rishabh started talking at 2. We were worried, consulted a doctor. He said children growing up in a multi-lingual society start talking late and when they start talking, they will talk in all the languages they are hearing all the time. The Doc is right, Rishabh, now 3, speaks Assamese, Hindi, English and Kannada fluently.

    At home, I talk to him in Assamese and my hubby speaks to him in English so that he can convey his feelings well at school.

    He does not mix up the languages. He converses in Hindi with our Rajasthani neighbours and uses Kannada to communicate with our maid :)

    ReplyDelete
  5. তামাম ভাল লাগিল| ক’ত জানো পাইছিলো, ল’ৰা-ছোৱালীয়ে বোলে জন্মৰ পিছতেই ভাষাৰ পাৰ্থক্য ধৰিব পাৰে| পাৰ্থক্য বুজি পোৱাৰ লগতে খুব সম্ভৱ অসুবিধাও বাঢ়ে| কি কব কি নকব| মোৰেই ভাজ্ঞ ভাল, ইমান বেমেজালি নাই জীৱনত|

    ReplyDelete