Thursday, January 2, 2014

মালায়াচিয়াৰ বজাৰত অসমীয়া খাদ্য ....

ঢেকীয়া শাক, লাই শাক, মাণিমূণি, বাঁহ গাজ, কল ডিল, তামোল-পাণ --- আপুনি কৈ যাওক, অসমীয়া খাদ্যৰ নাম, মালায়চিয়াৰ প্ৰধান নগৰ কুৱালালামপুৰ মহানগৰৰ বজাৰত বিছাৰি নোপোৱা বস্তু নাই৷

ৰৌ, ইলিছ, পাভ, বৰালী, মাগুৰ, কাৱৈ, সৰু সৰু পোৱামাছ আদি ভিন ভিন প্ৰকাৰৰ মাছো ইয়াত সমানে পোৱা যায়৷

অসমৰ সৰ্বসাধাৰণ আলিবাটৰ কাষৰ হোটেলত (মানে ৰেষ্টোৰেণ্ট) ঢেকীয়া শাকৰ ভাজি, বাঁহ গাজ, কল ডিলৰ ভাজি আদি দেখিছে? মই হ’লে কেতিয়াও দেখা নাই৷ ইয়াৰ হোটেলসমূহত কিন্তু এইবোৰ পোৱা যায়, মানুহে সমানে খায়৷

যোৱাকালি বজাৰৰপৰা কিনি অনা েএনেবোৰ কেছাবস্তু পৰাই এই সাজ ভাত আমাৰ ঘৰত ৰন্ধা হৈছিল - কৃতজ্ঞতাজ্ঞাপন: পৰিবাৰ আৰু মোৰ মা৷

2 comments:

  1. সুন্দৰ অভিজ্ঞতা- মোৰ লিখনিত সন্নিবিষ্ট কৰিবলৈ আপোনাৰ অনুমতি বিচাৰিলোঁ৷ ধন্যবাদ৷

    ReplyDelete