Thursday, January 2, 2014

উইনড’জ-৮ লেংগুৱেজ পেক্ট (আচামিজ)

দুদিনমান আগতে উইনড'জ-৮ৰ  অসমীয়া সংকৰণটি নমালোঁ আৰু মোৰ কোলাতলোৱাটোত স্থাপন কৰিলোঁ৷ মোৰ পৰিকলন যন্ত্ৰটো ১০০% নহ’লেও ৮০% খাৰ খোৱা অসমীয়া হৈ পৰিল৷ মনটো বৰ ভাল লাগি গ’ল৷ মাক্ৰচফ্টৰ ই এক অতি প্ৰসংশনীয় পদক্ষেপ৷ প্ৰতিজন অসমীয়াক গৌৰৱ অনুভৱ ই কৰাব পাৰিব বুলি ভাৱোঁ৷ ইয়াৰ পৰা এই সুক্ষ্মতন্ত্ৰক নমাব পাৰি ---
Windows-8 Language Pack (Assamese )
http://windows.microsoft.com/en-us/windows/language-packs#lptabs=win8

কিছুপৰ ব্যৱহাৰ কৰাৰ পাছত অৱশ্যে এনে লাগিল যেন, ইয়াক আৰু উন্নত কৰিব পৰা গ’লহেতেঁন, আৰু অলপ 'অসমীয়াত্ব' প্ৰদান কৰিব পৰা গ’লহেতেঁন৷ মই ভাৱিলোঁ মোক এই সংকৰণৰ সম্পাদক পতা হ’লে মই ইয়াৰ কি কি সাল-সলনি কৰিলোহেতেঁন? এই জালপঞ্জীত ইয়াকেই কৰিবলৈ যত্ন কৰিলোঁ, মানে নিজকে ভাবি ল’লো মাক্ৰচফ্টৰ কোনো কাৰ্যলয়ত বহি মই যেন সম্পাদনৰ কাম কৰিছোঁ৷

মোৰ অনুবাদসমূহ দেখি মাজে মাজে আপোনালোকৰ হাঁহি উঠিব পাৰে, কাৰণ মই কিছুমান অতি চহা শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ৷ যেনে "settings" -ৰ বাবে "গত" শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে "তাৰ গতটো চোৱা!" যেনেকৈ কৈ "অৱস্থা" বুজাওঁ, তেনেকৈ৷ মোৰ শব্দটো ব্যৱহাৰ কৰি নিজৰে হাঁহি উঠিছিলে৷ কিন্ত ভাৱি চালো, অৰ্থটোতো উলাইছে!!

মই এইটো কোৱা নাই যে এইবোৰ গ্ৰহণযোগ্য, কিন্তু অনাহকতে অন্ধভাৱে ইংৰাজী শব্দটো লিপ্যান্তৰ কৰাতকৈ কিছুমান সহজ-সৰল বা প্ৰচলিত অসমীয়া শব্দ ব্যৱহাৰ কৰিব পাৰি তাকে দেখুৱাবলৈ যত্ন কৰা হৈছে৷

প্ৰথমতে উইণ্ডজৰ "Start" পৃষ্ঠাখনলৈ গ’লো৷ পৃষ্ঠাখনক "আৰম্ভ" বুলি কোৱাত বৰ শুৱাইছে৷ কিন্তু "ফাইনেঞ্চ", "ষ্টৰ", "মেপ", "মেইল" আদি শব্দবোৰে যেন পৃষ্ঠাখনৰ সৌন্ধৰ্য হ্ৰাস কৰি পেলাইছে৷ কিছুমান Propoer Noun বা নামবাচক বিশেষ্য সলনি কৰাৰ যুক্তি নাই৷ কিন্তু বিত্ত, দোকান, মানচিত্ৰ, ই-পত্ৰ আদি ভাৱ প্ৰকাশ কৰা শব্দবোৰ অসমীয়াতে লিখিলে ভাল লাগিব যেন লাগিলে৷



পৰিকলনটোৰ "মেজ" (Desktop) সোঁফালে স্পৰ্শকাতৰ পৰ্দাখনত চোলে এখন সৰু ক’লা খিৰিকিয়ে ভুমুকি মাৰে৷ তাতো কিছুমান শব্দ সাল-সলনি কৰিলে ভাল হ’ব  যেন লাগিলে৷


তাৰ পিছত মই "গত" মানে setting-ত চোলো৷ আন এখন খিৰিকিয়ে ভুমুকি মাৰিলে৷ ইয়াতো কিছুমান সাল-সলনি কৰিলোঁ৷


এইবাৰ মই "কণ্ট্ৰল পেনেল" মানে মোৰ ভাষাত "নিয়ন্ত্ৰণ ফলি" পালোগৈ৷ তাতো বহুতো শুদ্ধ কৰিবলগীয়া পালো৷ এইবোৰক বাৰু ঠিক "ভুল" বুলিব নোৱাৰি, কিন্তু ঠিক "অসমীয়া" বুলিও কবলৈ টান লাগে৷ 


ইয়াত "Touch" শব্দটোক "টাচ্চ" বুলি কোৱাৰ কিবা প্ৰয়োজন আছিলনে? "স্পৰ্শ" বুলি ক’লেই হয়৷ তেনেকৈ system-ক "প্ৰণালী", pen-ক "কলম" বুলি ক’লেই হয়৷  এনে বহু শব্দ পোৱা যায়,  য’ত সুন্দৰ প্ৰচলিত অসমীয়া শব্দ থাকোতে ইংৰাজী শব্দ এটা লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাৰ কোনো যুক্তি বুজি নাপালোঁ৷

আনহাতে কিছুমান শব্দক  অসমীয়াত লিপ্যান্তৰ কৰোঁতে কেতিয়াবা 'চ' আৰু কেতিয়াবা 'ছ' ব্যৱহাৰ কৰা দেখা গৈছে, যেনে processor=প্ৰেচেছৰ, system = ছিষ্টেম৷ কিন্তু আমি জানো, অসমীয়াত চ/ছ উচ্চাৰণৰ কোনো পাৰ্থক্য নাই৷ এনে স্থলত সকলোতে প্ৰথম 'চ' ব্যৱহাৰ কৰিলে বহু খেলি-মেলি কমিব৷
---- 

3 comments:

  1. সুন্দৰ চিন্তা। মই তোমাৰ সৈতে এই কথাত একমত যে অনাহকতে ইংৰাজী শব্দৰ লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰাতকৈ আমাৰ ভাষাত উপলব্ধ প্ৰতিশব্দ অথবা গ্ৰহণযোগ্য তথা সঠিক অৰ্থবহ নতুন শব্দ প্ৰয়োগ কৰাটো বাঞ্চনীয়।

    ReplyDelete
  2. আপুনি কোৱাৰ দৰে touch, pen, system, map,... আদি শব্দৰ অসমীয়া প্ৰতিশব্দ ব্যৱহাৰ নকৰি অনাহকতে লিপ্যন্তৰিত শব্দ ব্যৱহাৰ কৰি থকাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। তেনেকৈ Computer শব্দটোৰো অসমীয়া প্ৰতিশব্দ বহুদিনৰে পৰা আছেই। মই ২০০২ ইং চনত প্ৰথম তেজপুৰ বিশ্ববিদ্যালয় যাওঁতেই দেখিছিলোঁ Department of Computer Science and Engineering (তেতিয়া অকল Science আছিল) -ৰ নামফলকত অসমীয়াতে "পৰিকলন যন্ত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ" বুলিও লিখা আছিলে। তেনেকৈ আটাইকেইটা বিভাগৰে নাম অসমীয়াতেও লিখা আছিল। অন্ততঃ এনেকুৱা প্ৰতিষ্ঠিত শব্দবোৰ ব্যৱহাৰ কৰিবলৈ সংকোচ কৰিব নালাগে। ব্যৱহাৰ নহ’লে এনেকুৱা শব্দবোৰ লাহে লাহে পাহৰণিৰ গৰ্ভত হেৰাই যায়।

    ReplyDelete