Tuesday, July 29, 2014

বহিঃজগতৰ জীৱৰ সন্ধানত...

এই বিশ্বব্ৰহ্মাণ্ডত আমি অকলশৰীয়া নেকি? আমাৰ এই পৃথিৱীৰ বাদে আন কোনো গ্ৰহ-উপগ্ৰহত জীৱ আছেনে? এই প্ৰশ্নই আমাক অনাদি কালৰ পৰা আমনি কৰি আহিছে৷ মানুহে অতীজৰ পৰাই বহিঃজগতৰ জীৱক কৈ কল্পনা-জল্পনা কৰি আহিছে৷ আধুনিক যুগতো এনে কল্পনাৰ ভিত্তিতেই বহুতো চলচিত্ৰও তৈয়াৰ হৈছে৷ কিন্তু বিজ্ঞানে বাৰু এই দিশত কিমান আগ বাঢ়িছে? শেহতীয়াকৈ কিছুমান বিশেষ দূৰবীক্ষণ যন্ত্ৰ আৰু অত্যাধুনিক পদ্ধতিৰ সহায়ত বিজ্ঞানীসকলে এই দিশত বহুতো আগবাঢ়িব পাৰিছে৷ এই বিষয়ে দুআষাৰ লিখিবলৈ ওলাইছোঁ৷

বহিঃজগতৰ জীৱ সন্ধান কৰিবলৈ প্ৰথমে বিজ্ঞানীসকলে বসবাসৰ উপযুক্ত কোনো গ্ৰহ বিচাৰিব লাগিব৷ এই উদেশ্যই আগত ৰাখি "কেপলাৰ মহাকাশ দূৰবীক্ষণ" (Kepler Space Telescope) নিৰ্মাণ কৰা হয়৷ মহাকাশৰ এক সৌৰকেন্দ্ৰিক কক্ষপথত স্থাপন কৰা এই দূৰবীণটোৱে একেথৰে আমাৰ হাটিপতি তাৰকাৰাজ্যৰ এক নিৰ্দিষ্ট অংশ অহৰ্নিশে চাই থাকে৷ এদিন নহয়, দুদিন নহয়; এসপ্তাহ, নহয়, দুসপ্তাহ নহয়; কেইবাবছৰো ধৰি স্থিৰ হৈ আকাশৰ মাত্ৰ সৰু অংশ অহৰ্নিশে নিৰীক্ষণ কৰি থাকিবলৈ ৰূপাঙ্কণ কৰা এই দূৰবীক্ষণ যন্ত্ৰটোৱে নক্ষত্ৰবোৰৰ উজ্জ্বলতাৰ তাৰতম্য অতি সুক্ষ্মভাৱে নথীভূক্ত কৰি থাকে৷ পৰিভ্ৰমণ কৰি থকা কোনো গ্ৰহ নক্ষত্ৰটোৰ সন্মূখেৰে পাৰহৈ গ’লে তাৰ উজ্জ্বলতা কমি যায়৷ এই ধাৰণাটোৰ সহায়ত ই নতুন নতুন বহিঃগ্ৰহ (exo-planet) অৰ্থাৎ সৌৰজগতৰ বাহিৰৰ আন কোনো নক্ষত্ৰৰ গ্ৰহ আবিস্কাৰ কৰাত ব্যতি হৈ আছে৷ ২০০৯ চনৰ মাৰ্চ মাহত নিক্ষেপ কৰা এই দূৰবীণটোৱে আজিলৈকে (জুলাই ২০১৪)  প্ৰায় ২০০০ বহিঃগ্ৰহ আবিস্কাৰ কৰিবলৈ সক্ষম হৈছে৷ বিভিণ্ন আকাৰ-প্ৰকাৰৰ এই গ্ৰহবোৰৰ মাজৰ পৰা বসতিৰ উপযুক্ত গ্ৰহসমূহ বিচাৰি উলিওৱাত বিজ্ঞানীসকল ব্যস্ত হৈ আছে৷

No comments:

Post a Comment