Tuesday, June 30, 2015

হে বিপ্লৱী শিল্পী...

আজি বহুকেইজন অসমীয়া গায়কে আত্ম প্ৰকাশ কৰিছে৷ তেওঁলোক অসমৰ লগতে সৰ্ব ভাৰতীয় স্তৰতো জনপ্ৰিয় হৈ উঠিছে৷ তেওঁলোকৰ সুৱলা মাত, সুমধুৰ বাদ্যযন্ত্ৰৰ লয় আদিৰ সমাবেশেৰে সৃষ্টি হোৱা সংগীত ৰাইজৰ মাজত অতি প্ৰিয়৷ জীৱন, যৌৱন, প্ৰেম, প্ৰকৃতি আদি বিষয়বস্তু লৈ ৰচিত এই সংগীতসমূহে আমাৰ মন মোহিব পাৰিছে ঠিকেই, কিন্তু যেন কিবা এটা শূন্যতা এতিয়াও আছে৷ 

কলাগুৰু বিষ্ণু ৰাভায়েও বহুতো গান ৰচনা কৰি থৈ গৈছে৷ বহু গান তেওঁ গাইছেও৷ কিন্তু তেওঁৰ গানবোৰৰ এক বিশেষ গুণ আজিৰ প্ৰজন্মৰ কোনো গায়কৰ গানতেই শুনিবলৈ পোৱা নাযায়৷ সেই বিপ্লৱী ৰহণ আজিৰ সংগীতত লুপ্ত৷ কৃষক-শ্ৰমিকক সজাগ কৰি তুলিব পৰা সেই গানবোৰ যেন আজিৰ যুগত হেৰাই গ’ল৷ শিৰাই শিৰাই দেশপ্ৰেমৰ শিহৰণ জগাই তুলিব পৰা গানবোৰো নোহোৱা হৈ গ’ল৷  

আজিৰ অসমীয়াই নিজৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে৷ অসমতেই ‘অসমীয়া’ কমি আহিছে৷ বিভিন্ন জাতি-উপজাতিৰে গড়িত বৃহত্তৰ অসমীয়া জাতিটোৰ অত দিনে অবিচ্ছিন্ন বুলি ভাৱি অহা অংগবোৰে পৃথক হোৱাৰ প্ৰৱণতা দেখুৱাইছে৷ কৰ্কত ৰোগৰ দৰে আন কিছুমান বহিৰাগতই জাতিটোক ভিতৰৰ পৰাও খাই আহিছে৷ আনহাতে ল’ৰা-ছোৱালীহতে অসমীয়া ক’বলৈ-লিখিবলৈ পাহৰিব ধৰিছে৷ সকলোৱে “বেছি কামত অহা” ভাষাৰ মাধ্যমতহে পঢ়ে৷ 

এই পৰিস্থিতিত আমাক জীৱন, যৌৱন, প্ৰেম, প্ৰকৃতি আদিৰ গীতৰ লগতে কিছুমান বিপ্লৱী গীতৰ অতিকৈ প্ৰয়োজন হৈছে৷ আজি আমাক আৰু এজন বিষ্ণুৰাভাৰ প্ৰয়োজন হৈছে  - যাৰ অগ্নিবাণী বিপ্লৱী গীতে আমাৰ মাজৰ বীৰ অধিনায়কক জগাই তুলিব পাৰে, যাৰ গীতৰ ছন্দই আমাৰ শিৰাত একতাৰ স্পন্দন তুলি দিয়ে, যাৰ কথা মালিকাৰ গন্ধই আমাৰ ৰন্ধ্ৰই ৰন্ধ্ৰই সোণালী সপোন দেখুৱাই দিয়ে৷  

এনে কোনো শিল্পী আজি ওলাবনে? মঞ্চত আমাক কেৱল উচ্চ ধ্বনিৰ বাদ্য যন্ত্ৰ নালাগে৷ প্ৰেমত আপ্লুত, বেদনাত জৰ্জৰিত কণ্ঠও নালাগে৷ এক বিপ্লৱী কণ্ঠহে প্ৰত্যাশিত৷ কলাগুৰুৰ দৰে এক আগ্নেয় কণ্ঠ - আমাক নেতৃত্ব দিব পৰা কণ্ঠ, একত্ৰিত কৰিব পৰা কণ্ঠ, জাতীয়তা বোধ জগাই তুলিব পৰা কণ্ঠ৷ 

হে শিল্পী, ক’ত লুকাই আছা তুমি? আজি তুমি ছদ্মবেশী কিয়? ওলাই আহা অনতি পলমে- আৰু পলম নকৰিবা৷ জোঁৰৰ জুই, আমাৰ হাত পালেহিয়েই৷ আমাৰ বিশ্বাস তুমি কৰোবাত নিঃশব্দই লুকাই আছা৷ এদিন হঠাৎ ওলাই আহিবা, এক বিস্ফুৰিত কণ্ঠেৰে - বিষ্ণু ৰাভাৰ এক নৱ-ৰূপ লৈ৷ সামূহিক মানসৰ দানৱবোৰ জ্বলাই নিঃশেষ কৰি দিবা, তুমিয়েই হ’বা এক বলিষ্ঠ জাতি গঠনৰ অনুঘটক, এক সবল আৰু সুস্থ দেশ গঠনৰ বিক্ৰমী বৰফুকন৷

এই সপোন তুমি শীঘ্ৰেই দিঠক কৰিবা - আমাৰ দৃঢ় বিশ্বাস, হে বিল্পৱী শিল্পী৷


(২০-জুন-২০১৫ তাৰিখৰ বিষ্ণু ৰাভা দিৱসৰ বাবে লিখা)

1 comment:

  1. কোনো কোনোৱে চেষ্টা নকৰা নহয়, জনপ্ৰিয় শিল্পীৰো দুই এজনে গান বনাইছে…পিচে ৰাইজে আনবোৰ গীতৰ দৰে আদৰি লোৱা নাই…এইয়া বিশ্বায়নৰ যুগ…সময় সলনি হ'ল…demand and supply মূল সূত্ৰ

    ReplyDelete