Saturday, July 11, 2015

দিন-৯ (১৯জুলাই/দেওবাৰ) : চিইম-ৰিপ

যোৱা কালি বহুত খোজ কড়াৰ কাৰণে আজি সকলো ভাগৰি আছিলে৷ পেটবোৰ অলপ বেয়া হৈছিলে৷ কি কৰো, কি নকৰো ভাৱি-গুণি আজি আগবেলাটোত মই অকলে ফুৰিবলৈ যাম বুলি সিদ্ধান্ত ল’লো৷ মামুন আৰু ল’ৰাহঁত হোটেলতে থাকিলে৷ সিহঁতৰ আৰু মন্দিৰ চাবলৈ হাবিয়াশো কম আছিল৷ গতিকে ন মান বজাত ৰাতিপুৱাৰ জলপান খাই টুৰ গাইড "কায়"ক লগ ধৰিলো৷ তেওঁ হোটেলৰ ল’বিতে আমাৰ বাবে অপেক্ষা কৰি আছিলে৷

আমি চিইম-ৰিপ চহৰৰ পৰা অলপ দূৰৰ দুটা ভগ্নাৱশেষ চাবলৈ গৈছিলোঁ৷ আমি গাড়ীৰে গৈ পাওতে প্ৰায় ডেৰঘণ্টামান সময় লাগিছিল৷ দুয়ো কাষে সেইজীয়া গছ-গছনীৰে ভৰা ঠেক কিন্তু পকী আলিবাট - দুখন গাড়ী কোনোমতে পাৰ হ’ব পাৰে৷  ড্ৰাইবাৰজনে গাড়ী চলাই আমাক লৈ গৈ থাকিতে বাটত "কিয়া"-ত বহুতো কথা পাতিলো - বিশেষকৈ কম্পোডিয়াৰ বুৰঞ্জী লৈ৷ তেওঁ কম্বোডীয়াৰ গৃহযুদ্ধৰ বিষয়ে কিছু কথা ক’লে৷ "Pol Pot" বুলি জনাজাত বিপ্লবী নেতাজনে সেইসময়ৰ প্ৰশাসনত দূ্ৰ্নীতি দূৰ কৰিবলৈ আৰম্ভ কৰা বিপ্লৱে কেনেকৈ এক তক্তাত্ম গৃহযুদ্ধৰ ৰূপ লয় তাক বহলাই কয়৷ ১৯৬৩ চন মানৰ পৰা ১৯৯৭ চন প্ৰযন্ত চলা এই গৃহ যুদ্ধৰ কথাবোৰ শুণিলে শুণি থাকিবলৈ মন যায়৷ সেই ভাতৃঘাটি যু্দ্ধত দুয়ো কক্ষৰ কেইবা লাখ মানুহে প্ৰাণ হেৰুৱাইছিল৷ যুদ্ধ শেষ হৈ দেশখনত বৰ্তমান  শান্তি আহিলে যদিও এক পক্ষই আন পক্ষৰ হানি কৰিবলৈ ৰূপণ কৰা ভূ-বোমা বা মাইনৰবোৰে এতিয়াও নিৰ্দুষী মানুহৰ প্ৰাণ লয়৷ সেইসময়ত ৰূপণ কৰা লাখ লাখ ভূ-বোমা নিষ্কিয় কৰাৰ বহু প্ৰকল্প বা অভিযান চলোৱা হৈছে যদিও, বহু সক্ৰিয় বোমা এতিয়াও অচিনাক্ত হৈ আছে৷


এইবোৰ কথা পাতি পাতি আমি চাবলৈ প্ৰথম মন্দিৰটো পালোহি৷ ইয়াৰ নাম আছিল "বানটেই চামৰে" (Banteay Samre)৷ ইয়াৰ পিছত আমি দ্বিতীয় মন্দিৰটোলৈ গ’লো --- প্ৰায় ১৫ মিনিট মানত বাট৷ দ্বিতীয় মন্দিৰটোৰ নাম "বানটেই শ্ৰেই" (Banteay Srei)৷

দুয়োটাই পৌৰাণিক হিন্দু মন্দিৰ৷ সম্ৰাট সূৰ্য বৰ্মণ দ্বিতীয় আৰু যছু বৰ্মণ দ্বিতীয়ৰ অধিনৰ দ্বাদশ শতিকাৰ আগভাগৰ সজা এই মন্দিৰকএইটা ভগৱান শিৱৰ নামত উৎসৰ্গিত৷

দুটা মন্দিৰৰ ভিতৰত "বানটেই শ্ৰেই" অংকৰৰ মন্দিৰসমূহৰ ভিতৰত আটাইতকৈ ধুনিয়া বুলি জনা যায়৷ ইয়াৰ দেৱালত খোদিত অতি সুক্ষ্ম ত্ৰিমাত্ৰিক কাৰোকাৰ্য্য দেখি ময়ো চমকি উঠিলো৷ সেয়ে ই পৰ্যটকসকলৰ মাজতো অতি জনপ্ৰিয় আৰু ইয়াক "Jewel of Khmer Art" বুলি জনা যায়৷

মন্দিৰ দুটা অকলেই চাই ঘুৰি আহি আকৌ হোটেল পাওহি মানে ১২:৩০ বাজিলে৷ এইবাৰ মামুন আৰু ল’ৰাহঁত সকলোকে লৈ ওলালো৷ "কিয়া"ই আমাক এখন স্থানীয় ৰেষ্টোৰাত লৈ গ’ল আহাৰ খাবলৈ৷ দুপৰীয়াৰ আহাৰ খাই আমি এখন আস্তাবললৈ গ’লো৷ কম্বোডিয়াত অশ্বাৰোহণ এটা জনপ্ৰিয় বিনোদন৷ ইয়াত ঘোৰা এঘণ্টাৰ পৰা আৰম্ভ কৰি চাৰি ঘণ্টা, ছয় ঘণ্টালৈকে ভাড়াত ল’ব পাৰি৷ দেশ-বিদেশৰ মানুহ আহি ইয়াত অশ্বাৰোহণ কৰি গাওঁ ফুৰিবলৈ যায়৷ আমিও  ওলালো৷ কিন্তু আমি কোনেও ঘোৰা চলাব নাজানো৷ সেয়ে আমাৰ ল’গে লগে আস্তাবল একোজন কৰ্মচাৰীও লগত গ’ল৷ এঘণ্টামান ফুৰি আহিলো৷ মাজতে কেইমিনিট মানৰ কাৰণে ঘোৰা চেকুৰালোঁও৷ বৰ পুত্ৰ প্ৰিতু আৰু মাজ পুত্ৰ জিতে আটাইটকৈ বেছিসময় চেকুৰালে --- আমাৰ ভয়েই লাগিছিলে৷ কিন্তু কাৰো একো দূৰ্ঘটনা নঘটিল, ভালে ভালে সকলো ঘুৰি আহিলো আৰু বৰ উপভোগ কৰিলোঁ৷

অশ্বাৰোণৰ পৰা ঘূৰি আহি, হোটেললৈ উভতি আহিলোঁ, হাত-মুখ ধুই সন্ধ্যা ৰাতি বহা বজাৰ এখনলৈ গ’লো৷ মামুনে দুই-এপট বস্তু কিনিলে৷ তাৰ পাৰ ৰাতি ১০মান বজাত ঘুৰি আহি হোটেলতে কিবা এটা সৰুকৈ খাই শুই থাকিলো৷

No comments:

Post a Comment