Monday, July 13, 2015

দিন-৭ (১৭-জুলাই/শুক্ৰবাৰ) : মেকং ব-দ্বীপ

আমাৰ গাইড "মি. টাইগাৰ"ৰ পৰামৰ্শ মতে আজি ৰাতিপুৱা সাতটা বজাতে তৈয়াৰ হৈ নদীঘাট পালোহি৷ ঘাটটো হোটেলৰ পৰা আধা কিলোমিটাৰ মান দূৰত৷ মটৰ-চালিত নাও এখনত উঠাই আমাক লৈ গ’ল, সেই অঞ্চলৰ প্ৰখ্যাত ওপঙা-পাইকাৰী বজাৰখন চাবলৈ৷ মেকং নদীৰ এটা সুঁতিত ৰাতিপুৱা ৫মান বজাৰ পৰা ৯মাান বজালৈকে এই বজাৰ বহে৷ কিনা-বেছা সকলো নাওৰ ওপৰতেই হয়৷ অসংখ্য সৰু ডাঙৰ নাও৷ টাইগাৰে কোৱা মতে ইয়াত নদী পথেদিয়েই দেশৰ বিভিণ্ণ প্ৰান্তত উৎপাদিত শাক-পাছলি, ফল-মূল  আদি অনা হয়৷ পাইকাৰী হাৰত নিতৌ বেহা হয়৷ এটা ওপঙা "পেট্ৰল পাম্প"ও দেখিলো৷ এটি সচাঁকৈ চাব ল’গা দৃশ্য৷ ফৰাছীৰ অধীনত থকা কালত চৰকাৰী কৰৰ পৰা হাত সাৰিবলৈ স্থানীয় বেপাৰীবোৰে প্ৰথমতে এই প্ৰথা লৈছিলে৷ নদীৰ মাজত, ৰাতি আথবা পূৱতিনিশা ফৰাছী tax collector-সকলৰ চকুত ধুলি দি স্থানীয় লোকসকলে কৰা এই বেহা-বেপাৰ এতিয়াও চলি আছে৷ এতিয়া অৱশ্যে ই বৰ্তমান চৰকাৰৰ জ্ঞাত আৰু উৎসাহৰ পাত্ৰ৷  







তাৰ পৰা ঘুৰি আহি এটা চাউলৰ mill এটালৈ গ’লো৷ ধানৰ পৰা পতান উলিওৱা হয়৷ ওচৰতে এখন গাওঁ  আছিল৷ তাতে এপাক মাৰিলো৷ তাত থকা মুৰ্গী, তাৰ্কী, ছাগলী, গাহৰী আদি চাই ল’ৰাহঁতে বৰ আমোদ পালে৷

এইবোৰ চাই মেলি হোটেললৈ ঘুৰি আহিলোঁ৷ গা-পা ধুই জলপান খাই হোটেল চেক-আউত কৰিলোঁ৷ প্ৰায় ১০ মান বজাত আমি সকলো বয়-বস্তু লৈ হৌ চিন মিন চহৰলৈ বুলি ওভতি ৰাওনা হ’লো৷ প্ৰায় তিনি ঘণ্টা যাত্ৰাৰ অন্তত হৌ চিন মিন মহানগৰ পালোহি৷ দুপৰীয়াৰ আহাৰ খালো৷ আজি আমি ভিয়েটনাম এৰিম, কিন্তু বিমানলৈ সময় থকা কাৰণে মামুনৰ অনুৰোধত টাইগাৰে আমাক ওচৰতে থকা আগতে ইতিমধ্যে যোৱা বেম-থাম বজাৰখনলৈ গ’লো৷ দুই-এপট বস্তু আকৌ কিনা হ’ল৷

আবেলি চাৰিমান বজাত বিমান-বন্দৰ পালোহি৷ টাইগাৰ আৰু ড্ৰাইভাৰজনক বিদাই দি আমাৰ যাত্ৰাৰ পৰবৰ্তী্ৰ দফা আৰম্ভ কৰিলোঁ - ভিয়েটনাম বিদায়, কম্বোডিয়ালৈ স্বাগতম !!

চিইম-ৰিপ, কম্বোডিয়া (Siem Reap, Cambodia)

মাত্ৰ ৪৫ মিনিট মানৰ বিমান যাত্ৰা আছিল৷ কিন্তু আন্তঃজাৰ্তিক যাত্ৰা হোৱাৰ বাবে ইমিগ্ৰেচন আদি পাৰ হৈ আহিব ল’গা হোৱাৰ বাবে সময় বেছি লাগিল৷ যাহওঁক আঠটামান বজাত কম্বোডিয়াৰ চিইম-ৰিপ চহৰ পালোহি৷ইয়াত ভাৰতীয় নাগৰীকৰ বাবে ভিজা-অন-এৰাইভেল পোৱা যায়৷ প্ৰতিখন ভিজাত USD ৩০ কৈ ল’লে৷

বিমান-বন্দৰৰ আপ্ৰবাস-বিষয়া (Immigration Officer) জনে আমাৰ পাচপৰ্ট-ভিজাবোৰ পৰীক্ষা কৰি থাকোতে মোক কিছু প্ৰশ্ন কৰিলে - ক’ত থাকো, কি ক’ৰো, ক’লৈ যাম আদি৷ তেওঁ মোক মিছিকিয়াই ক’লে "You are VIP for us. Yours is a VIP family. Welcome to Combodia."৷ মই অলপ আচৰিত হ’লো - কিয়নো মোক ইমান VIP, VIP বুলি কৈছে৷ যি হওঁক "ধন্যবাদ" এটা জনাই থিয় হৈ থাকিলো৷ তাৰ পিছত মন কৰিলোঁ তেওঁ আমাৰ পাচপৰ্ট-ভিজাবোৰ লৈ যেন কিবা পুলুং-পালাং কৰি আছে, আৰু মুখৰ ভিতৰতে মোক কিবা এটা ক’ব বিছাৰিছে, মাজে মাজে চোৰ চোৰকৈ বিটচকুৰে তলেদি মোলৈ দুবাৰ মান চালেও৷ মই কিনো ক’ব বিছাৰিছে শুণিবলৈ অলপ হাওলি "yes?" বুলি সুধিলো৷ এইবাৰ তেওঁ কিছু স্পষ্টকৈ ক’লে - "Tips, tips !!". মই অলপ অপ্ৰস্তুত হ’লো, নুবুজাৰ ভাৱ জুৰিলোঁ৷ এইবাৰ তেওঁ অলপ ডাঙৰকৈ আৰু স্পষ্টকৈয়ে ক’লে - "Some tips for me?". মূখৰ মিচিকীয়া হাঁহিটো অৱশ্যে তেওঁৰ এতিয়াও আছে৷ মই পকেট যি আছিল উলিয়াই দিলোঁ৷ ল’গে ল’গে তেওঁৰ হাঁহিটো আৰু বহল হৈ গ’ল, আমাৰ পাচপ’ৰ্টবোৰত ফটা-ফট প্ৰবেশ কৰাৰ মোহৰ লাগি গ’ল আৰু আমি সুমাই আহিলোঁ৷

বয়-বস্তু লৈ বিমান-বন্দৰৰ বাহিৰ পোৱাৰ ল’গে লেগে এজন চাপৰ আৰু হাঁহিমূখীয়া ২৫-২৬ বছৰীয়ামান যুৱক আমাৰ ওচৰলৈ ঢাপলি মেলি আহিলে৷ হাতত দেখিলো মোৰ নাম লিখি ৰখা কাৰ্ড-বৰ্ড এখন৷ তেওঁ আমাক হাত যোৰ কৰি নমস্কাৰ জনাই  "মি বিক্ৰম এণ্ড ফেমিলি?" বুলি সুধি নিশ্চিত কৰিলে৷ মই "ইয়েচ" বুলি হয়ভৰ দিলো৷  নিজকে "কিয়া" (Kia) বুলি চিনাকী দিলে আৰু মিনি ভান এখনলৈ লৈ গ’ল৷ তেওঁ হ’ব আমাৰ কম্বোডিয়াৰ ট’ৰ গাইড৷ মিনি-ভানখনৰ ওচৰ পোবাৰ ল’গে লাগে তাতে ৰৈ থাক ড্ৰাইভাৰজনেও দুই হাত যোৰ কৰি আমাক নমস্কাৰ জনালে৷ গাড়ীৰে ১৫ মিনিটমান যোৱাৰ পাছত পূৰ্বে আৰক্ষিত হোটেলখন পালোগৈ৷ দাৰোৱান দুজনেও আমি গাড়ীৰ পৰাৰ নমাৰ ল’গে লগে হাত যোৰ কৰি নমস্কাৰ জনালে৷ তেতিয়া ৰাতি ১০মান বাজিছিলে৷ চেক-ইন "কিয়া" আৰু ড্ৰাইভাৰজনে বিদায় ল’লে আৰু কালি ৰাতিপুৱা ৯বজাত ভ্ৰমণ কাৰ্যসূচী আৰম্ব কৰিম বুলি কৈ গ’ল৷

আমিও হোটেলৰ ৰেষ্টোৰেতে ৰাতিৰ আহাৰ খাই শুই থাকিলোঁ৷

No comments:

Post a Comment