Friday, July 17, 2015

দিন-৩ (১৩-জুলাই/সোমবাৰ): হা-লং উপসাগৰ


ৰাতিপুৱা আহাৰ খাই, হোটেল চেক আউট কৰিলোঁ৷ ড্ৰাইভাৰ ডন হোটেলৰ ল’বিতে আমাৰ বাবে ৰৈ আছিল৷ মিনি ভানখনত উঠি হানৈৰ পৰা "হা-লং উপসাগৰ’" (Ha Long Bay) অঞ্চললৈ ৰাওনা হ’লো৷ ৩ ঘণ্টামানৰ বাট৷ সুন্দৰ আহল-বহল ৰাজপথ৷ মাজবাটত এটা কাৰখানাত অলপ সময় কটালোঁ৷ এম্ব্ৰ’ডাৰি (embroidery) কৰা এই কাৰখানাত বিভিন্ন ধৰণৰ ডিজাইনৰ এম্ব্ৰডাৰি কৰে৷ এম্ব্ৰ’ডাৰিবোৰ ইমানেই নিখুঁত আছিল একবাৰে ফটো তোলাৰ দৰে দেখি৷ এজন কৰ্মীয়ে এজন ব্যক্তিৰ চেহেৰাৰ ফটো এখন চাই চাই এম্ব্ৰ’ডাৰিত তুলি থকা দেখিলোঁ৷ প্ৰশ্ন কৰোতে ক’লে এওঁ এজন জাপানী পৰ্যটক৷ তেওঁ নিজৰ ফটো দি থৈ গৈছে, এম্ব্ৰ’ডাৰি কৰি পঠিয়াই দিবলৈ৷ ইচ্ছা কৰিলে উচিত মূল্যত ময়ো এন কৰোৱাই ল’ব পাৰো - এমাহমান সময় লাগিব৷  কাৰিকৰ সকলৰ দক্ষতা দেখি আচৰিত হ’লো৷ একেইটা চৌহদতে এটা শিলৰ মূৰ্তি বনোৱা কাৰখানাও আছে৷ তাতে দুখনমান ফটো লৈ আকৌ ৰাওনা হ’লো৷


অৱশেষত জাহাজঘাট (harbor) পালোহি, প্ৰায় দুপৰীয়া ১২ বাজিছিল৷ সৰু মটৰ-চালিত নাও এখনে আমাক V'Spirit নামৰ ডাঙৰ জাহাজখনলৈ লৈ গ’ল৷ ইয়াত আমাৰ বাবে কোঠা আৰক্ষণ কৰি থোৱা আছিল৷ আমাৰ বস্তু-বাহিনীবোৰো লগতে অনা হ’ল৷ গোটেই অঞ্চলটোত পানীৰ মাজত অসংখ্য থিয় থিয় টিলা ! প্ৰতিটোৰে আকৃতি ভিন ভিন৷ অসীমলৈকে এশাৰী টিলাৰ পিছত আনশাৰী টিলা৷ তাৰ মাজে মাজে বহুতো সৰু-ডাঙৰ জাহাজ৷ কিছুমান পাল তৰা, আন কিছুমান মটৰ-চালিত৷ কিছুমান একেথৰে ৰৈ আছে, আন কিছুমান গতিমান৷ মাজে মাজে দুই-এটা সাগৰীয় চৰাই৷ এটা মায়াময়ী বাতাবৰণ৷ পিছত ইণ্টাৰনেটত গৱেষণা কৰি বুজি পালো এই শিলাৰ টিলাবোৰ চূণশিলৰ কাৰ্চট্‌চ (limestone karsts) নামৰ এক প্ৰাকৃতিক গঠন৷

আজি ১০ বছৰমানে আগতে হেনু ইয়াত দুখনমান স্থানীয় মাছমৰীয়াৰ সৰু তুলুঙা নাৱৰ বাহিৰে একো নাছিলে৷ পৰ্যটনৰ বৰ্তমান ইমানেই উৎকৰ্ষ সাধন ঘটিছে যে ইয়াত এতিয়া প্ৰায় ৬০০ মান জাহাজ দৈনিক ঘুৰি-ফুৰে৷
আমি ৰাতিটো থকা জাহাজখন
জাহাজৰ বাৰাণ্ডাৰ পৰা



জাহাজত আহি পাই, নিজ নিজ কোঠালীত থিতাপি লওঁ মানে আমাক দিনৰ ভোজনৰ বাবে মতা হ’ল৷ জাহাজৰ দ্বিতীয় মহলাত খোৱা-কোঠা৷

ইয়াৰ পিছত আমাক এটা গুহা চাবলৈ লৈ গ’ল৷ মূল জাহাজখনৰ পৰা সৰু মটৰ-চালিত নাৱৰ উঠাই আমি লৈ গ’ল৷ ১৫মিনিটমানৰ পিছত এটা দ্বীপ কাষত নামিলোঁ৷ সেই দ্বীপৰ সোঁমাজত এই প্ৰসিদ্ধ গুহা৷ তিনিটা প্ৰকাণ্ড গুহ্বৰৰ সমষ্টি এই গুহাটো চূণশিল অম্লজ পানীত ক্ষয় গৈ সৃষ্টি হোৱা৷ গুৱাৰ ভিতৰখন প্ৰাকৃতিকভাৱে অতি ঠাণ্ডা৷ 

তাৰ পিছত আন দ্বীপৰ পাৰত সাতুৰিলোঁ৷ সাতুঁৰ শেষ হোৱাৰ পিছত আমাৰ মূল জাহাজ V'Spirit লৈ ঘুৰি আহিলোঁ৷ তাৰ নিজ কোঠাত গা-পা ধুই, সতেজ হৈ একেবাৰে ওপৰৰ চান ডেকলৈ (Sun Deck) আহিলোঁ৷ সূৰ্যাস্তৰ সময় হৈছে৷ বেলিটোৱে ডাৱৰৰ মাজে মজে ক্ৰমে তললৈ নামি আহিছে৷ গোটেই আকাশখন সোমথিৰা বৰণীয়া হৈ আহিছে৷ সগৰৰ পানীত প্ৰতিবিম্ব পেলাই বেলিটোৱে এইবাৰ টিলাবোৰৰ মাজে মাজে লুকা-ভাকু খেলিলে৷ সূৰ্যাস্ত চাই চাই, কিছু পানীয় পান কৰি অন্য এখন পৃথিৱীলৈ গমণ কৰিলোঁ৷ 

জাহাজখনত ১৮টা কোঠালী৷ তাত মুঠ ৩০জনমান যাত্ৰী আৰু প্ৰায় ৭-৮জন মান কৰ্মী আছিলে৷ সহযাত্ৰীসকলৰ লগত চিনাকী হ’লো৷ সৰহবোৰ অষ্ট্ৰেলীয়াৰ পৰা অহা৷ মধু চন্দ্ৰিকা উপভোগ কৰিবলৈ অহা নৱ-বিবাহত দম্পতীৰ আৰম্ভ কৰি, অৱসৰ প্ৰাপ্ত দম্পতীৰ লৈকে বিভিন্ন বয়সীয়া পৰ্যটক৷

ৰাতিৰ আহাৰ ৭ঃ৩০টা মানতে দিলে৷ খাই উঠি ল’ৰাহঁতক বিচনাত শুৱাই, মই আৰু মামুন আকৌ চান ডেকত নিশাৰ সেই চালে চাই থাকিবলৈ মন যোৱা দৃশ্যবোৰ উপভোগ কৰিবলৈ গ’লো৷ গা শাত পৰি যোৱা এক মৃদু বহাত৷ ঘোপ মৰা আন্ধকাৰৰ মাজে মাজে তিৰবিৰাই আছিল বিলাশী-জাহাজবোৰৰ চাকি আৰু তাৰ লগত ঢোৰ লহৰে লহৰে নাছি আছিল পানীত পৰা প্ৰতিবিম্ববোৰ৷ পটভূমিত সেই মায়াবী টিলাবোৰৰ বৰ্ণছায়া৷

Sun Deck-ৰ পৰা ৰাতিৰ দৃশ্য



No comments:

Post a Comment