Saturday, July 18, 2015

দিন-২ (১২-জুলাই/দেওবাৰ): হানৈ

হৌ ছি মিনৰ সমাধিৰ সন্মূখত৷
ইয়াত তেওঁৰ মৃতদেহ সংৰক্ষিত হৈ আছে৷
আমাৰ পিছফালে চাবলৈ অহা মানুহৰ শাৰী দেখিছেনে?
ৰাতিপুৱাই ৰ’দটো চোকাকৈ ওলাইছে৷ দিনটো গৰম হ’ব৷ হোটেলত পুৱাৰ জলপান খাই ৮ঃ৩০ বজাত সপৰিয়ালে হোটেলৰ ল’বি পালোহি৷ ড্ৰাইভাৰ "ডন" আৰু এজন ২৫-২৬ বৰৰীয়ামান ব্যক্তি আমাৰ বাবে ৰৈ আছিল৷ তেওঁ সুন্দৰ ইংৰাজীত নিজকে "টনি" (আচল নাম বেলেগ) বুলি চিনাকী দি ক’লে যে আজি তেওঁ আমাৰ tour guide. আমি সকলো মিনি ভানখনত উঠিলোঁ৷ "টনি"য়ে ক’লে আজি আমি হানৌ মহানগৰৰ city tour কৰিম৷

প্ৰথমে আমি "হৌ চি মিন স্মৰণিকা" (Ho Chi Minh Mausoleum) লৈ ৰাওনা হ’লো৷ হোটেলৰ পৰা আধা ঘণ্টামান সময় লাগিল গৈ পাওতে৷ ভিয়েটনামৰ বিপ্লৱী নেতা "হৌ চি মিন"ৰ স্মৃতিত নিৰ্মিত এই প্ৰকাণ্ড চৌহদ কেইবাটাও ভিন ভিন অট্টালিকা, বাগিছা আদিৰে সমৃদ্ধ৷ তেওঁ থকা ঘৰৰ আৰ্হি, তেওঁ ব্যৱহাৰ কৰা সাজ-পোচাক, তেওঁ চলোৱা গাড়ী আদিৰে গোটেই চৌহদটো নেতাজনৰ নামত উৎসৰ্গিত৷

ইয়াৰ মূল সমাধিস্থলত হৌ চি মিনৰ মৃতদেহ সংৰক্ষিত হৈ আছে৷ দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহি তেওঁৰ সমাধিত শ্ৰদ্ধা জনাই৷ আজিও বহু মানুহ, প্ৰায় দুই কিলোমিটাৰমান দীঘল লাইন৷ ভিতৰত সোমাবলৈ হ’লে আমি এই লাইনত আধা দিনমান ৰ’ব লাগিব, গতিকে বাহিৰৰ পৰাই চাও বুলি ঠিৰাং কৰিলোঁ৷ হৌ চি মিনৰ প্ৰতি জন-সাধাৰণৰ এই অগাধ ভক্তি দেখি আপ্লুত হ’লো৷ আজি-কালি ভাৰতৰ মহাত্মা গান্ধীৰ সমাধি বা স্মৰণিকাসমূহত মানুহৰ এনে ভিৰ দেখা পোৱা যায়নে?

এখুটিয়া পেগোডা (One Pillar Pagoda)

প্ৰায় এহাজাৰ বছৰপূৰ্বে নিৰ্মাণ কৰা এই পুৰণি বৌদ্ধ মন্দিৰটো হৌ চি মিন স্মৰণিকাৰ ওচৰতে৷  ই পদুম ফুলেৰে ভৰা এটা পুখুৰীৰ মাজত এটা খুটিত থিয় হোৱা অতি সুন্ধৰ বৌদ্ধ-মন্দিৰ৷

ইয়াৰ পৰা ওলাই আহি সকলো মিনি ভানত উঠি কিছু দূৰ গ’লো - আন এটা প্ৰসিদ্ধ বৌন্ধ মন্দিৰ দৰ্শণ কৰিবলৈ৷ 


ট্ৰান কৌক পেগোডা (Tran Quoc Pagoda)


আধা ঘণ্টামানৰ যাত্ৰাৰ অন্তত আমি হানৈ মহানগৰৰ সবাটোকৈ পুৰণি বৌদ্ধ-মন্দিৰ৷ ইয়াৰ কাষত থকা হ্ৰদটোও চহৰৰ সৰ্ব বৃহৎ৷ অতি মনোগ্ৰাহী দৃশ্য৷

সম্ৰাট "লাই নাম দে" (Lý Nam Đế)-এ পঞ্চম শতিকাত নিৰ্মাণ কৰা এই মন্দিৰৰ বয়স ১৪৫০ বছৰমান হৈছে৷ এই চৌহদত এজোপা প্ৰকাণ্ড বৰগছ (Banyan Tree) আছে৷ ১৯৫৯ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড. ৰাজেন্দ্ৰ প্ৰসাদে ইয়ালৈ ভ্ৰমণ কৰিবলৈ আহোতে উপহাৰ হিচাপে দিয়া গৌতম বুদ্ধই বোধিলাভ কৰা আচল বৰগছ জোপাৰ ডালৰ পৰা এইজোপা গছ হৈছে৷ আমাৰ টু’ৰ গাইড 'টনি'য়ে কথাখিনি বহলাই কওঁতে কিবা এটা বৰ ভাল লাগি গ’ল৷ গছ জোপাৰ তলতে এখন্তেক বহিলোঁ৷

আকৌ সকলো মিনি ভানত উঠি কিছু দূৰ গ’লো৷ ভিয়েটনামৰ অধিকাংশ লোক বৌদ্ধ৷ কিন্তু ধৰ্ম কৰ্মতকৈ মানুহবোৰক দেশৰ নেতাসকলৰ সমাধি, শ্বহীদ বেদী, যুদ্ধৰ সংগ্ৰাহলয় আদিতহে বেছিকৈ দেখিলো৷  সেইবোৰত তেওঁলোকে অসীম সন্মান আৰু সম্পূৰ্ণ   নিস্থাৰে যেন "পূজা" কৰে৷

সাহিত্য মন্দিৰ (Temple of Literature)

স্থানীয় ভাষাত  "ভান মিয়েউ - কৌক টু গিয়াম" (Văn Miếu - Quốc Tử Giám) আৰু ইংৰাজীত "Temple of Literature"  জনাজাত এইখন এটা কন্‌ফুচিয়ান মন্দিৰ তথা প্ৰাচীন বিশ্ব-বিদ্যালয়৷   ১০২০ চনত "লেই ন্থান টং" (Lý Nhân Tông)-ৰ সময়ত নিৰ্মাণ কৰা হৈছিল৷ ইয়াত বিভিন্ন বিষয়ত প্ৰাচীন কালৰ পৰা শিক্ষা আৰু গৱেষণা চলিছিল৷ প্ৰতি ৪-৫ বছৰৰ মুৰে মুৰে কঠোৰ পৰিশ্ৰম কৰি কঠিন পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা চাত্ৰসকলক সন্মান জনোৱা হয় আৰু তেওঁলোকৰ নাম এখন শিলৰ ফলিত খোদিত কৰি থয়৷ প্ৰতিখন ফলি একোটা একোটা প্ৰকাণ্ড শিলৰ কাছই পিঠিত থিয়কৈ কঢ়িয়াই আছে৷

এই ফলিবোৰত চীনা চিত্ৰ-লিপি (logogram) দেখি 'টনি'ক সুধিলোঁ - "প্ৰাচীনকালত ভিয়েটনামত চীনা ভাষা চলিছিল নেকি?" তেওঁ উত্তৰ দিলে যে এনে নহয়৷ প্ৰাচীন কালত ভীয়েটনামত "প্ৰাচীন ভিয়েনামী ভাষা"ই চলিছিলি, কিন্তু "চীনা লিপি" ব্যৱহাৰ হৈছিল৷ ইয়াৰ ব্যৱহাৰ ১৫০০ শতিকাত ফৰাছীসকল আহি ৰোমান আখৰৰ প্ৰচলন কৰাৰ আগলৈকে আছিল৷ আজি-কালিও মঠ-মন্দিৰবোৰত এই লিপিয়েই প্ৰচলিত৷ অৱশ্যে চৰকাৰী কাম-কাজ, স্কুল-কলেজ, ব্যৱসায়-বানিজ্য আদি সকলোতে ৰোমান আখৰ ব্যৱহাৰ হয়৷ তেওঁলোকৰ সঠিক উচ্চাৰণ প্ৰকাশ কৰিবলৈ ৰোমান আখৰৰ স্বৰবৰ্ণসমূহত (vowel) কিছুমান উৰ্ধক’মা, ৰেফ আদিৰ দৰে চিহ্ণ ব্যৱহাৰ কৰে৷

সাহিত্য মন্দিৰৰ এটা কোঠাত কেইগৰাকীমান শিল্পীয়ে স্থানীয় বাদ্য যন্ত্ৰৰ বাদন পৰিবেশন কৰি আছিলে৷ কিছুসময় বহি উপভোগ কৰিলোঁ৷ মূলতঃ বাঁহেৰে তৈয়াৰ কৰা বাদ্য যন্ত্ৰবোৰ দেখি বৰ আমোদ পালো৷


এইদৰে দুপৰীয়া ২ মান বাজিল৷ ভোকো লাগিলে, ভাগৰো লাগিলে৷ দিনটো বৰ গৰম আছিল, অনুমানিক ৩৫-৩৬ ডিগ্ৰী চেণ্টিগ্ৰেড হ’ব৷ টনিয়ে আমাক ভিয়েটনামৰ স্থানীয় খাদ্য খাবলৈ প্ৰস্তাব ৰাখিলে৷ মই একে উশাহে হয়ভৰ দিলোঁ৷ মোৰ পৰিবাৰ মামুন আৰু ল’ৰাহতে নাক কোছালে৷ মই সকলোকে টনিয়ে প্ৰস্তাব কৰা ভিয়েটনামী ৰেষ্টোৰাখনলৈ যাবলৈ মনালোঁ৷ তাত আন খাদ্যও পোৱা যায়, গতিকে অসুবিধা হ’ব নালাগে৷ তাত মই আৰু টনিয়ে বুন চা (Bun Cha) খালো৷ বাঁহৰ চালনি এখনত পৰিবেশন কৰা চাউলৰ চাউচাউ (Rice Noodle), অলপ চুৰুহা আৰু এবিধ স্থানীয় শাক আৰু পুৰা গাহৰি মাংস৷ কি সোৱাদ!! 
Photo Source

লা-কাৰখানা (Lacquer Workshop)

ভোজন শেষ হোৱাৰ পিছত আমাক এটা কাৰখানালৈ লৈ গ’ল৷ "লা" বা lacquer-ৰ কাৰখানা৷ ইয়াত ধাতু, কাঠ বা চীনা-মাটিৰ বিভিন্ন বস্তু বনাই, তাৰ পিঠিত "লা"ৰ অতি মসৃণ প্ৰলেপ লগাই বিভিন্ন ধৰণৰ চিত্ৰাঙ্কণ কৰা দেখা গ’ল৷ চিত্ৰসমূহ অতি মনোগ্ৰাহী আছিল - কিছুমান ভাৱাত্মক (abstract), কিছুমান প্ৰকৃতি, মানুহ আদি বিষয়-বস্তু লৈ অঁকা৷ মসৃণ হ’বৰ বাবে কাৰিকৰসকলে স্বচ্ছ লাৰ ৫-১০টা প্ৰলেপ দিয়ে আৰু প্ৰতি প্ৰলেপ দিয়াৰ পাছত হাতেৰে ঘহি ঘনি সমান কৰে৷  ইয়াত কণীৰ চোকোৰাৰ ব্যৱহাৰো প্ৰচুৰ দেখিবলৈ পালো৷  বস্তুবোৰ দেখিবলৈ যেনেকৈ চকুত ল’গা, দামবোৰো তেনেকৈ আকাশচুম্বী আছিল৷  
ইয়াৰ পিছত গ’লো সেনা সংগ্ৰাহলয়লৈ৷

সেনা সংগ্ৰাহালয় (Army Museum)

এই দুই-তিনি মহলা ঘৰটোত ১৯৭০ দশকৰ ভিয়েটনাম যুদ্ধত ব্যৱহৃৎ বিভিন্নধৰণৰ অস্ত্ৰ, সামৰিক সাজ-পোছাক আদি সজাই থোৱা আছে৷ ১৯১০ দশকৰ ইন্দোচীনা যুদ্ধৰ বস্তুও দুই-এপদ আছে৷ বাহিৰৰ চোতালত কেইখনমন টেঙ্ক, যুঁজাৰু বিমান আদিও সজাই থৈছে৷


সংগ্ৰাহালয়ৰ প্ৰেক্ষাগৃহত এটা ভিডিঅ’ চলাই থোৱা দেখা পালো৷ ১৯৭০ দশকৰ ভিয়েটনাম যুদ্ধৰ কাহিনীবোৰ দেখুৱাই আছে৷ দৰ্শকসকলৰ মাজত ১৫-২০ গৰাকীমান সেনা-পোছাক পিন্ধা ৫০-৬০ বছৰীয়া পুৰুষ-মহিলা দেখিবলৈ পালো৷ থৰ লাগি ভিডিঅ’ চাই আছে৷ দুই-এজনে চকুলো টোকাও দেখিলোঁ৷ টনিয়ে মোক কাণে-কাণে ক’লে এওঁলোক সেই যুদ্ধত ভাগ লোৱা প্ৰাক্তন সৈনিক৷ নিজৰ জীৱন-যৌৱন ত্যাগ কৰি যি যুদ্ধত ভাগ লৈছিল, তাৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকক ভিডিঅ’ চাই থকা দেখি মোৰো অন্তৰ কঁপি উঠিল৷

চাইক্ল’ (Cyclo)

এইবাৰ আমাক টনিয়ে লৈ গ’ল, হানৈ চহৰৰ এটা ব্যস্ত অঞ্চললৈ৷ তাৰ এঠাইত ভানৰ পৰা নামি আমি উঠিলোঁ তিনিচকীয়া ৰিক্সাত৷ চাইক্ল’ বুলি জনা-জাত এই ৰিক্সাবোৰত চালকজন পিছফালে ব’হে৷ ব্যস্ত বজাৰবোৰৰ চাই চাই ল’ৰাহঁতে বৰ আমোদ পালে৷ আধা ঘণ্টামান গলি-গলিয়ে যাত্ৰা কৰাৰ পিছত আমি আহি পালোঁ এটা "পুতলা-নাচ"ৰ ঘৰলৈ৷ 

পানী-পুতলা নাচ (Water Puppet Show)

উত্তৰ ভিয়েটনামত প্ৰচলিত "পানী-পুতলা নাচ" বিশ্বৰ ভিতৰতে একমাত্ৰ এনে পৰম্পৰা৷ ধান খেতি পট-ভূমিত বিকশিত এই গাৱলীয়া পৰম্পৰা "Lotus Water Puppet Theater" বুলি এটা কোম্পানীয়ে হানৈ মহানগৰৰ মাজ-মজিয়ালৈ লৈ আহিছে৷ পানীৰ তলত লুকাই থকা লাঠিৰ সহায়ত নিয়ন্ত্ৰণ কৰা পুতলাবোৰৰ নাচ, যুদ্ধ আদিৰে ভৰ-পোৰ প্ৰদৰ্শনী চাই বৰ ভাল লাগিল৷

এটা অতি ব্যস্ত দিনৰ অন্তত, প্ৰায় সন্ধ্যা প্ৰায়  ৭টা বজাত আমাক হোটেলত এৰি দি টনি আৰু ডনে বিদায় ল’লে৷ 
হাত-মুখ ধুই হোটেলৰ ওচৰৰে এখন ৰেষ্টোৰাত ৰাতিৰ আহাৰ খাই শুই থাকিলো - পৰবৰ্তি দিনৰ ভ্ৰমণসূচীলৈ বাট চাই৷ 

No comments:

Post a Comment