Tuesday, November 10, 2015

কেইটামান 'অযুক্তিকৰ' প্ৰশ্ন

ধৰা হওক 'ঈশ্বৰ' (মানে হিন্দুৰ কোনো ভগৱান, মূছলমানৰ আল্লা বা খ্ৰীষ্টধৰ্মৰ গ’ড) বুলি কোনো অস্থিত্ব আছে - যি পৰম দয়ালু, পৰম শক্তিমান, সৰ্ব বিদ্যমান ইত্যাদি ইত্যাদি৷ কেইটামান প্ৰশ্নৰ কোনো যুক্তি বিচাৰি পোৱা নাযায়৷

১) ঈশ্বৰে যদি সকলো সৃষ্টি কৰিলে, তেৰাক কোনে সৃষ্টি কৰিলে?

২) বিশেষকৈ আব্ৰাহিমিক ধৰ্মসমূহত "চৈতান"(বা "ডেভিল")  বুলি এটা চৰিত্ৰ পোৱা যায়৷ বৰ্ণনাৰ পৰা এনে লাগে যেন সি এটা 'ঈশ্বৰ'ৰ লগত ফেৰ মাৰিব পৰা খলনায়ক৷ ইয়াত প্ৰথম প্ৰশ্ন উঠে চৈতানক কোনে সৃষ্টি কৰিলে আৰু কিয়? দ্বিতীয়তে ঈশ্বৰ যদি 'সৰ্ব শক্তিমান', ইমান দিনে তেৰাই চৈতানক বধ বা নিয়ন্ত্ৰণ কৰিব পৰা নাই কিয়? তেৰা 'সৰ্ব শক্তিমান' নহয় নেকি?

৩) মানুহক নীতি শিক্ষা দিবলৈ ঈশ্বৰে মাজে মাজে বাৰ্তাবাহক পঠিয়ায়৷ কিছুমান ধৰ্মৰ মতে তেৰাই কোনো অৱতাৰ লৈ মানুহক নীতি শিক্ষা দিয়ে৷ কথাটো এনে লাগে বৰ্তমানৰ চফ্টৱেৰ কোম্পানীবোৰে নিজে আগতে তৈয়াৰ কৰা চফ্টৱেৰৰ 'বাগ' বা ভুলবোৰ শুধৰাবলৈ পেট্‌চ (patch) পঠিওৱাৰ দৰে৷ মানে সৃষ্টিৰ সময়ত তেৰাই তৈয়াৰ কৰা মানুহবোৰৰ মগজুত ভৰাই পঠিওৱা 'চফ্টৱেৰ' ক্ৰমে বিকৃত হৈ যায়৷ সেয়ে 'পেট্‌চ' পঠিয়াব লগা হৈছে৷ যিকি নহওক, তেওঁ বাৰু পোনপতীয়াকৈ সেই পেট্‌চ মানুহবোৰৰ মস্তিষ্কলৈ পঠিয়াই কিয় নিদিয়ে? এজন 'বাৰ্তাবাহক' বা 'অৱতাৰ'ৰ মাধ্যমেৰে পঠিয়াব লগা হয় যে? তেৰাৰ এই পোনপতীয়াকৈ পঠিয়াৱ পৰা "প্ৰযুক্তি" নাই নেকি?



No comments:

Post a Comment