Tuesday, December 1, 2015

"ইছলাম-ভীতি" (Islamophobia) কেনেকৈ বিয়পে

তিনিটা পৰ্যায়ত "ইছলাম-ভীতি" (Islamophobia) কেনেকৈ বিয়পে ---


প্ৰথম পৰ্যায়: কিছুমান সন্ত্ৰাসবাদীয়ে পৃথিৱীৰ বিভিন্ন স্থানত তেওঁলোকৰ সৈতে মন নিমিলা কাৰোবাৰ মূৰ কাটি দিব, হাত কাটি দিব, শিলগুটি দলিয়াই-দলিয়াই মাৰিব বা বোমা ফুটাই বহু নিৰিহ-নিৰ্দুষী লোকক হত্যা কৰিব৷ কাকতালীয় ভাৱে এই সন্ত্ৰাসবাদীসকলে নিজকে "প্ৰকৃত ইছলামধৰ্মী" বুলি চিনাকি দিব আৰু এই অত্যাচাৰবোৰ তেওঁলোকৰ ধৰ্ম আৰু বিশ্বাসৰ নামত কৰা বুলি দাবী কৰিব - পবিত্ৰ কোৰান চহিবৰ হুবহু উক্তিৰে ঔচিত্য দেখুৱাই৷  এই উক্তিসমূহ যে পবিত্ৰ গ্ৰন্থখনিৰ পৰা হুবহু তোলা হৈছে তাৰ প্ৰমাণ বিজ্ঞসকলক সুধিলেই পোৱা যায়৷

দ্বিতীয় পৰ্যায়: নৰমপন্থী মুছলমানসকলে এই জঘণ্য অত্যাচাৰবোৰ বিপুলভাৱে গৰিহণা দিব, আনহাতে যি পবিত্ৰ গ্ৰন্থ আৰু বিশ্বাসৰ আধাৰত সন্ত্ৰাসবাদীবোৰে সন্ত্ৰাস কৰে সেইবোৰ সৰ্বশক্তিৰে ৰক্ষণাবেক্ষণ কৰিব৷ প্ৰায়ে দিয়া কিছুমান যুক্তি হ’ল:
(ক) পবিত্ৰ গ্ৰন্থৰ পদসমূহ (verse) বুজিবলৈ তাৰ ঐতিহাসিক সন্ধৰ্ভ জানিব/বুজিব লাগিব৷ যি নুবুজে সিয়ে এই সন্ত্ৰাসবাদী কামবোৰ কৰে৷ তেওঁলোক বিপথে চালিত৷
(খ) এইবোৰৰ আচল উদ্দেশ্য ৰাজনৈতিক বা অৰ্থনৈতিক৷ ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই৷
(গ) ইছলামক বদনাম কৰিবলৈ এইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ৷

তৃতীয় পৰ্যায়: আন মানুহবোৰ বিভ্ৰান্তিত পৰিব৷ তেওঁলোকে সেই সন্ত্ৰাসবাদীবোৰক ভয় কৰিবলৈ আৰম্ভ কৰাৰ লগতে যিটো ধৰ্ম বা বিশ্বাসে সিহঁতক চালিত কৰে তাকো ভয় কৰিবলৈ আৰম্ভ কৰে৷ বছ, "ইছলাম-ভীতি" আৰম্ভ হৈ যায়৷

মুছলমানসকলৰ প্ৰতি দুৰাচাৰ কৰাটো বেয়া কথা৷ কিন্তু অত্যাচাৰ- সন্ত্ৰাসক জন্ম দিয়া সেই বিকৃত বিশ্বাস, যি কোনো পধ্যে প্ৰকৃত "ইছলাম" নহয়, তাক ভয় কৰাটো স্বাভাৱিক৷

No comments:

Post a Comment