Sunday, December 27, 2015

শ/স/ষ আদিৰ বাবে 'X' কিয়?

বন্ধু-১: আজিকালি প্রায়ে দেখা গৈছে যে 'স', 'শ' 'ষ' এই শব্দ কেইটা লিখোতে ইংৰাজী 'X' আখৰটো ব্যৱহাৰ কৰে। এই 'X' আখৰৰ প্রয়োগ কিমানদূৰ সমীচিন?

বন্ধু-২: ইংৰাজী আখৰবোৰৰ একাধিক উচ্চাৰণ থাকিব পাৰে৷ যেনে put=পুট, but=বাট; apple = এপল, assam = আচাম৷ঠিক তেনে ধৰণে x আখৰটোৰ এটা উচ্চাৰণ 'জ'ৰ দৰে, আনটো 'ক্স'ৰ দৰে৷ 'xerox' শব্দটোতেই প্ৰথম x-ৰ উচ্চাৰণ 'জ'ৰ দৰে আনটোৰ 'ক্স'ৰ দৰে৷ অসমীয়া 'স'/'শ'/'ষ' ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ কিন্তু এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণৰ বাবে 'X' ব্যৱহাৰ কৰে৷ যেনে স্পেনিচত Mexico আৰু Texas ক মেসিকো আৰু টেসাচ বুলি উচ্চাৰণ কৰে৷ "International Phonetic Alphabet" মতেও 'X' ব্যৱহাৰ কৰিব লাগে৷ ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/Voiceless_velar_fricative 
সেয়ে অসমীয়াত স/শ/ষ - ৰ বাবে X ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবোঁ৷

বন্ধু-১: স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি ভাষাৰ উচ্চাৰণ হুবহু অসমীয়া 'স'-ৰ দৰে হয় জানো?

বন্ধু-২: হুবহু বুলি ক’ব নোৱাৰি যদিও, প্ৰায় একেই৷
উদাহৰণ ১: মেক্সিক’ক "মেসিকো" বুলি কেনেকৈ উচ্চাৰণ কৰা হয় প্ৰখ্যাত ষ্টেণ্ড-আপ কমেডিয়ান গেব্ৰিয়েল ইংলেচিয়াই এইদৰে কয় --

বন্ধু-১: ইমান দিনে আমি মেস্কিকো বুলি শুণি আহিছো দেখোন৷
বন্ধু-২: আমি প্ৰায়েই ইংৰাজীৰ প্ৰিজমেৰে বস্তুবোৰ চাও৷ ইংৰাজীত মেক্সিক’ (Mexico) বুলি কয়, কাৰণে আমিও সেইবুলি শিকিলোঁ৷ অসমীয়া মানুহ কোনো মেক্সিকানৰ সম্পৰ্কলৈ অহাৰ আগতে শব্দটো হয়তো অসমলৈ আহিলে৷

বন্ধু-১: আমি 'স'-ৰ বাবে x লিখিলো বাৰু৷ শ আৰু ষ-ৰ বাবে কি লিখিম? xh, x এইদৰে নে কি?
বন্ধু-২: নহয়৷ মোৰ মাতে সকলো স-ৰ বাবে x লিখিলেই হ’ল৷ অসমীয়া ভাষাত স/শ/ষ-ৰ উচ্চাৰণৰ পাৰ্থক্য আছে বুলি নাভাবোঁ৷ আমি উচ্চাৰণটো অনুকৰণ কৰি কেৱল x লিখিলেই হ’ব৷

বন্ধু-১: আমি যদি "অসম"ক Axom বুলি লিখোঁ, অনা-অসমীয়া এজনে খুব সম্ভৱ "অক্সম" বা "অক্জম" এইদৰে পঢ়িব৷ তেওঁ কেনেকৈ জানিব যে X থাকিলে স-উচ্চাৰণ কৰিব লাগিব বুলি?

বন্ধু-২: যি এই উচ্চাৰণৰ লগত পৰিচিত নহয়, তেওঁক কেৱল লিখিত ৰূপত বুজোৱাৰ কোনো উপায় নাই৷ কেনেকৈ উচ্চাৰণ কৰিব লাগে তাক কোনোবাই নিজ কণ্ঠেৰে শিকাই দিব লাগিব৷ অথবা ডিজিটেল মাধ্যমত কোনো চাউণ্ড-ফাইলৰ সহায়ত শিকাই দিব লাগিব৷

বন্ধু-১: তেন্তে আমি "xerox" টো "সেৰস" বুলি ক’ম নেকি?
বন্ধু-২: নকওঁ৷ "জেৰক্স" বুলিয়েই কম৷ প্ৰসংগৰ পৰা জানিব লাগিব x-ৰ কেতিয়া কি হ’ব লাগে৷ xerox শব্দটোতেই প্ৰথম x-টোৱে জ-ৰ উচ্চাৰণ লৈছে, দ্বিতীয়টোৱে ক্স-ৰ উচ্চাৰণ লৈছে৷ থিক তেনেকৈ অসমীয়া শব্দ এটা ৰোমান বৰ্ণত লিখিলে x-এ স-ৰ উচ্চাৰণ লৈছে বুলি আমি জানিব লাগিব৷ যেনে - xobdo, xahitya, xondhan আদি৷

বন্ধু-১: এটা সময়ত ইয়াৰ বাবে বহুতে hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টি কিছুমান ব্যৱহাৰ কৰা পৰিলক্ষিত হ’য়৷ যেনে - hkhagaroloi bohu door (সাগৰলৈ বহু দূৰ)৷ কেবল x ব্যৱহাৰ কৰাতকৈ এইবোৰে উচ্চাৰণটো বেছি শুদ্ধকৈ প্ৰতিনিধিত্ব কৰিব যেন লাগে৷

বন্ধু-২: hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টিবোৰ কোনো মানক মাতে নিৰ্ধাৰিত নহয়৷ x-টো অন্ততঃ International Phonetic Alphabet মানক মতে শুদ্ধ৷ আন হাতে যি ব্যঞ্জনবৰ্ণ বা কোনো সমষ্টি ব্যৱহাৰ নকৰো লাগে, প্ৰকৃত উচ্চাৰণটো নজনাজনক শিকাই দিবই লাগিব৷

বন্ধু-৩: অসম সর্বশিক্ষা অভিযানতকৈয়ো আগতে নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) 'স'ধ্বনি বুজাবলৈ 'X'লিখিছিল। এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ 'X'-কে দিছিল।

বন্ধু-১: বাৰু স, শ, ষ ৰ বাবে X, কিন্তু স,স,ষ ৰ লগত জৰিত স্ক,ক্স,ষ্ক,ক্ষ এই বোৰতো x ব্যৱহাৰ কৰিব লাগে??কেনেকৈ কৰিব?
বন্ধু-২: নহয়৷ উচ্চাৰণ মতে যি হয়, তেনেকৈ লিখিব লাগিব। যেনে -  ক্ষমা = khyoma, পুৰস্কাৰ=puroskar আদি। যুক্তাক্ষৰত সাধাৰণতে স, ষ, শ আদিৰ উচ্চাৰণ সেই কোমল অসমীয়া স উচ্চাৰণ সলনি হৈ হিন্দী, বাংলাৰ স s-ৰ দৰে উচ্চাৰিত হয়। গতিকে সেইমতে s ব্যৱহাৰ কৰিলেহে শুদ্ধ হ’ব৷

সহায়:
https://www.facebook.com/groups/xobdo.org/permalink/10153200569793391/
https://www.facebook.com/groups/xobdo.org/permalink/10151503324533391/
https://www.facebook.com/groups/xobdo.org/permalink/10153342467523391/

No comments:

Post a Comment